Sati joymati yoga mahavidyalaya

সতী জয়মতী যোগ মহাবিদ্যালয়, শিৱসাগৰ

ESTD. – 15th July 2013

Sati Joymati Yoga Mahavidyalaya , Sivasagar
Under : Indian Yoga Culture and Yoga Therapy centre ; A regd & Govt. Aided Institution
Sibsagar Girls’ College Campus (near Sivadol) Pin : 785640 Assam
Ph- 9101732896, 6000819130, 8471893694 Whatsapp- 9435056759
Email :debdassinha19@gmail.com.

About College

                                                                                                                          সমত্বংযোগ উচ্যতে ।
শিৱসাগৰ স্থিত শিৱদৌলৰ মূখ্য পূজাৰী শ্ৰীযুত সুৰেশ বৰঠাকুৰদেৱৰ দ্বীপ প্ৰজ্বলনৰ দ্বাৰা ইং ২০১৩ চনৰ জুলাই মাহৰ ১৫ তাৰিখে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ সভাপতি যোগাচাৰ্য শুভাশীষদেৱৰ উপস্থিতিত শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত তথা শ্ৰীযুত জয়ন্ত ৰাজকোঁৱৰ আৰু শ্ৰীযুত জ্যোতিপ্ৰসাদ দত্তদেৱৰ সক্ৰিয় সহযোগিতাত শ্ৰীযুত দেৱদাস সিংহদেৱক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি অসম তথা সমগ্ৰ ভাৰতৰ আদৰ্শস্বৰূপ মহীয়সী নাৰী জয়মতীৰ নামেৰে “ সতী জয়মতী যোগ মহাবিদ্যালয় ” নামৰ যোগ অনুষ্ঠানটি প্ৰতিষ্ঠা কৰা হয় ।

মহাবিদ্যালয়খনি প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হ’ল-
ক) যোগ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা।
খ) যোগ শিক্ষক তৈয়াৰ কৰা।
গ) যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰা জনসাধাৰণৰ সেৱা আগবঢ়োৱা।
উজনি অসমত প্ৰতিষ্ঠিত যোগ মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা এই সতী জয়মতী যোগ মহাবিদ্যালয়ৰ পৰা অসমৰ বিভিন্ন জিলাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে যোগ শিক্ষা গ্ৰহণ কৰাৰ উপৰিও যোগ চিকিৎসাৰ বাবেও বহু দূৰ-দূৰণিৰ পৰা বিভিন্ন ৰোগৰ ৰোগী আহে।
এই মহাবিদ্যালয়ত স্থায়ী ভাৱে চাৰিটা ক’চ চলাই থকা হৈছে। দূৰ-দূৰণীৰ ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণৰ বাবে ২০২২ চনৰ পৰা “ এক বছৰীয়া যোগ ডিপ্লমা ক’চ ” অনলাইন যোগে চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Yogacharya Debdas Sinha

Principal
B.Sc., D.Y., M.H.M.S., N.D.

Author of :
(i) Sattais bosara pisot vanaloi akhan chithi,
“Philosophical Novel”.
(ii) Medhabi Chatra, student I.Q. development book.
(iii) Yogavyaas , Practical book of Yoga.

Former Yoga education Incharge of Vidya Bharati. Member of SCERT, Assam, NEP 2020. Resource person and eminent speaker of Tezpur Central University and Arunachal University.
In 2017 National level “Yogacharya and Yoga Guru” title is awarded by “Yoga Physique Federation of India”.
Vidya Bharati North East Zone awarded for life time achievement in the field of education.