Privacy policy

মহাবিদ্যালয়খনি প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হ’ল-
ক) যোগ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা।
খ) যোগ শিক্ষক তৈয়াৰ কৰা।
গ) যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰা জনসাধাৰণৰ সেৱা আগবঢ়োৱা।
উজনি অসমত প্ৰতিষ্ঠিত যোগ মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা এই সতী জয়মতী যোগ মহাবিদ্যালয়ৰ পৰা অসমৰ বিভিন্ন জিলাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে যোগ শিক্ষা গ্ৰহণ কৰাৰ উপৰিও যোগ চিকিৎসাৰ বাবেও বহু দূৰ-দূৰণিৰ পৰা বিভিন্ন ৰোগৰ ৰোগী আহে।
এই মহাবিদ্যালয়ত স্থায়ী ভাৱে চাৰিটা ক’চ চলাই থকা হৈছে। দূৰ-দূৰণীৰ ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণৰ বাবে ২০২২ চনৰ পৰা “ এক বছৰীয়া যোগ ডিপ্লমা ক’চ ” অনলাইন যোগে চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।